
ইংৰাজী আৰু অসমীয়াত ফলৰ নাম ||50+ Common assamese fruits name in English
সাধাৰণ ফলৰ নাম Common Fruits Name
অসমীয়াত ফলৰ নাম (assamese fruits name)
অসম তথা ভাৰতবৰ্ষত বিভিন্ন প্ৰজাতিৰ ফল আমি দেখি আহিছোঁ। প্ৰায় বিলাক ফলেই আমাৰ স্থানীয় প্ৰজাতিৰ আৰু নামবোৰ ভাৰতৰ বিভিন্ন ঠাইত ভিন্ন নামেৰে জনা যায়। কিছু সংখ্যক বিভিন্ন সময়ত বিদেশৰ পৰা অনা হৈছে। অসম তথা ভাৰতবৰ্ষৰ জলবায়ু প্ৰায়বিলাক ফলৰ বাবে উৎকৃষ্ট। কিছু ফল আমি নতুনকৈ চিনাকি হৈছোঁ। বিশেষকৈ বিদেশৰ পৰা আমদানিকৃত ফলসমূহৰ স্থানীয় নাম বিছাৰি পোৱা নাযায়। আমি ইয়াত কিছু ফলৰ নাম অসমীয়া অাৰু ইংৰাজী ভাষাত উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ।
assam fruit বা assamese fruits ৰ নামবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। সচৰাচৰ আমি অসমত দেখি থকা fruits in assam বা fruits name in assamese ৰ বিভিন্ন ফলৰ অসমীয়া নামবোৰ বিছাৰি পাবলৈ সহজ কৰিবৰ বাবে assam fruits list এখন তলত তৈয়াৰ কৰিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে যদি আন ফলৰ নাম যিবোৰ অসমত উৎপাদিত হয় (fruits grown in assam) অসমীয়া বা ইংৰাজী নাম জানিবলৈ বিচাৰে তেন্তে তলত Comment কৰিব পাৰে। যদি তলৰ তালিকাখনত উল্লেখিত ফলবোৰৰ শুদ্ধ হোৱা নাই যেন লাগিছে তেন্তে তলত comment কৰি আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
- Apple আপেল
- Mango আম
- Orange কমলা টেঙা
- Guava মধুৰিআম
- Peach, Nectarine আহোম বগৰী, বঙালী বগৰী
- Plum নৰা বগৰী
- Lemon নেমু টেঙা, গোলনেমু, তুলিকা টেঙা
- Assam lemon কাজিনেমু
- Silver berry মিৰিকা টেঙা
- Himalayan Bayberry কাইফল বা কাফাল
- Coconut নাৰিকল
- Plum বগৰী
- Banana কল
- Water chestnut চেঁচু
- Musk melon খৰমুজ
- Watermelon তৰমুজ
- Jack fruit কঁঠাল
- Wood apple বেল
- Spanish apple বনপিঠা, কলমৌ
- Passion fruit লতাবেল
- Grapes আঙুৰ
- Blueberry ব্লুবেৰী
- Strawberry ষ্ট্ৰবেৰী
- Dates খেজুৰ
- Starfruit কৰ্দৈ
- Blackberry কলাজামু
- Pineapple মাটি কঁঠাল
- Kiwi কিৱি
- Drooping fig হেচেলো, তাকুক
- Avocado আভোকাদো
- Apricot এপ্ৰিকট
- Lychee লিচু
- Gooseberry আমলখী
- Mulberry নুনী
- Cherry চেৰী
- Dragon-fruit ড্ৰেগন ফল
- Custard apple আটলচ্, চিতাফল
- Burmese Grapes লেতেকু
- Papaya অমিতা
- Cucumber তিঁয়হ
- Sweet lime মৌচুমী টেঙা
- Sapota চপেটা, চেপেটা, চিকো
- Prune জৰ্জিয়ান প্লাম
- Tamarind টেতেলী
- Honeydew melon অমৃত তৰমুজ, মৌ তৰমুজ
- Sweet potato মিঠা আলু
- Sugarcane কুঁহিয়াৰ
- Cashew nut কাজু বাদাম
- Walnut আখৰোট
- Groundnut , peanut চিনাবাদাম
- Almond কাঠ বাদাম
- Pomelo ৰবাব টেঙা
- Soursop আটলচ বা চিতাফল প্ৰজাতিৰ এবিধ ফল
- Hog Plum, Spanish Plum অমৰা
- Indian olive জলফাই
- Indian Gooseberry আমলখি
- Roseapple পানীজামু
- Pear নাচপতি
- Pomegranate ডালিম
- Persimmon জাপানী ফল
- Indian coffee plum, scramberry পনিয়ল
- Bay laurel থেৰেজু
- Stixis suaveolens মাধৈ মালতী