লাচিত বৰফুকন বিষয়ে ৰচনা || Lachit borphukan in assamese language

লাচিত বৰফুকন বিষয়ে ৰচনা || Lachit borphukan in assamese language

মহাবীৰ লাচিত বৰফুকন বিষয়ে ৰচনা || Lachit borphukan in assamese language

Lachit borphukan statue


অসম আৰু অসমীয়াৰ ইতিহাসত বীৰ বুলি কলেই প্ৰথম মানস পটত ভাঁহি অহা ব্যক্তিজন হৈছে লাচিত বৰফুকন (lachit borphukan) । লাচিত বৰফুকনৰ (lachit borphukan) সুদক্ষ বীৰত্ব আৰু নেতৃত্বৰ বাবেই অসমীয়া জাতিয়ে এক নতুন বীৰ গাঁথা ইতিহাসৰ পৃষ্ঠাত সৱল ভাৱে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। এই মহান বীৰ গৰাকী লগতে তেওঁক সংগ দিয়া অসমীয়া সেনা বাহিনীক লৈ অসমীয়াই চিৰদিনলৈ গৌৰৱ কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে যিকোনো অপশক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ অনুপ্ৰাণিত কৰিব। তলত মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে চমু পৰিচয় (lachit borphukan essay in assamese) দিবলৈ চেষ্টা কৰা হৈছে।


১) বীৰ লাচিত বৰফুকনৰ (lachit borphukan) জন্ম ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে বিখ্যাত লান ফিমা ফৈদত হৈছিল। মহান বীৰ গৰাকীৰ জন্মদিন ২৪ নৱেম্বৰ তাৰিখটো অসম চৰকাৰে লাচিত দিৱস (lachit divas) হিচাপে পালন কৰি আহিছে।

২) লাচিত বৰফুকনৰ (lachit borphukan) পিতৃৰ নাম (lachit borphukan father name) মোমাই তামুলী বৰবৰুৱা (ম'-ছাই চেং কালুক) আৰু মাতৃৰ নাম (lachit borphukan mother name) কুন্তী মৰাণ পাছলৈ নাগেশ্বৰী আইদেউ হিচাপে জনা যায়।

৩) লাচিত বৰফুকনে (lachit borphukan) ঘৰতে ঘৰুৱা শিক্ষকৰ সহায়ত শিক্ষা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ, বুৰঞ্জী, শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো, বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল।

৪) লাচিতে বৰফুকনে (lachit borphukan) প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত । এই পদৰ পাছত তেওঁ দুলীয়া বৰবৰুৱা ,শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁৰ কামৰ প্ৰশংসা কৰি বৰফুকন পদ দিছিল।

৫) আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত ১৬৬৭ খ্ৰীষ্টাব্দত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই মোগল অধীকৃত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বৰনদীমুখৰ বাঁহবাৰী আৰু দক্ষিণ পাৰৰ কাজলিগড়, গুৱাহাটী আৰু ইটাখুলি দুৰ্গ অধিকাৰ কৰি দখল কৰিছিল। যুদ্ধত মোগল বিষয়া চৈয়দ ফিতোজ খাঁ আৰু মীৰবক্স আহোমৰ হাতত বন্দী হৈছিল। 

৬) মোগল সৈন্যৰ পৰাজয়ৰ বাতৰি দিল্লীৰ মোগল সম্রাট ঔৰংজেৱে পাই অতি অপমানিত বোধ কৰিছিল। সেনাপতি ৰামসিংহৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। ফলস্বৰূপে কেইবাখনো সৰু সৰু যুদ্ধৰ পাছত ১৬৬৯ খ্ৰীষ্টাব্দত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত মূল যুদ্ধখন হৈছিল, যাক আমি শৰাইঘাট যুদ্ধ (battle of saraighat upsc) বুলি জানো।

৭) শৰাইঘাটৰ যুদ্ধ (battle of saraighat upsc) আহোম আৰু মোগল সৈন্যৰ মাজত ১৯৭১ চনত হৈছিল। আহোমৰ ঘাই সেনাপতি আছিল মহাবীৰ লাচিত বৰফুকন (lachit borphukan) আৰু মোগলৰ সেনাপতি আছিল অম্বৰৰ ৰজা ৰামসিংহ। ৰামসিংহই সৈন্যসামন্ত লৈ অসম আক্ৰমণ কৰিবলৈ আহি ৰৌৰয়াৰ পাইছিলহি। আহোম ৰজাই অসমীয়া সৈন্যসকলক ভাগে ভাগে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছিল। মোগল সৈন্যই প্ৰথমে স্থলপথেৰে আগুৱাই আহি আহোম সৈন্যক আক্ৰমণ কৰে৷ আহোম সৈন্যই মোগলৰ সৈন্যক স্থল যুদ্ধত অতি বেয়াধৰণে পৰাজিত কৰিলে। মোগলৰ কিছু সৈন্য দৰঙলৈ পিছুৱাই যাবলৈ বাধ্য হৈছিল । শেষত ৰামসিংহই স্থলেৰে যুদ্ধ কৰিব নোৱাৰি পানীৰে যুদ্ধ কৰিবলৈ আগুৱাই আহিছিল। তেতিয়া লাচিত বৰফুকন খুব নৰীয়াত পৰি আছিল আৰু নৰীয়া গাৰেই নাৱত উঠি যুঁজ দিবলৈ আগুৱাই আহিছিল। বৰফুকনৰ উদ্যম দেখি বাকীবোৰ অসমীয়া সৈন্যয়ো মহা বিক্ৰমেৰে যুঁজি ৰামসিংহৰ সৈন্যক কাটি-মাৰি চেদেলি ভেদেলি কৰি দিছিল। আহোম সৈন্যৰ পৰাক্ৰম দেখি ৰামসিংহ ঠাৱৰিব নোৱাৰি ভটিয়াই যাবলৈ বাধ্য হৈছিল আৰু পুনৰ আক্ৰমণ কৰিবলৈ সাহস নকৰিলে।

৮) আহোমৰ সেনাপতি লাচিতে শৰাইঘাটৰ যুদ্ধৰ সময়ত শৰাইঘাটত একে ৰাতিৰ ভিতৰতে এটা গড় মৰাবলৈ নিজৰ মোমায়েকক দায়িত্ব দিছিল। কিন্তু শেষ ৰাতিলৈকে গড় মৰা হৈ নুঠা দেখি লাচিতে খঙতে টিঙিৰি তুলা হৈ তৰোৱাল উলিয়াই ‘দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ একেঘাপে মোমায়েকক শিৰচ্ছেদ কৰিছিল বুলি প্ৰবাদ আছে। তাকে দেখি গড় মৰা মানুহবিলাকে অতি তৎপৰতাৰে কামত লাগি ৰাতিৰ ভিতৰতে গড়টো বান্ধি উলিয়াইছিল। এই গড়টোৱে মুছলমান সেনাক ভেটা দিবলৈ যথেষ্ট সহায় কৰিছিল বুলি বুৰঞ্জীবিদ সকলে উল্লেখ কৰিছে।


৯) নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্রীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়। 

১০) লাচিত বৰফুকনক (lachit borphukan) স্মৰণ কৰিবলৈ ভাৰত চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে পুণেৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক “লাচিত বৰফুকন সোণৰ পদক” (lachit borphukan gold medal) প্ৰদান কৰি আহিছে।

১১) মহাবীৰ লাচিত বৰফুকনৰ  মৃত্যু হ’ল কিন্তু থাকি গ’ল তেওঁৰ বীৰগাঁথা। তেওঁ যি বীৰত্ব আৰু সাহসৰ প্ৰদৰ্শনেৰে নিজ সৈন্যবাহিনীৰ মাজত বিজুলী সঞ্চাৰ কৰি মনোবল ঘূৰাই আনিছিল তাৰ বাবেই শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্য বিজয়ী হৈছিল। লাচিত বৰফুকনৰ বীৰত্বৰে নিদৰ্শনে আজিও অসমীয়াক অনুপ্ৰাণিত কৰে।

১২) লাচিত বৰফুকনৰ স্মৃতিত অসম চৰকাৰে lachit borphukan statue ৩৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ মাজত ২০১১ চনত বনাবলৈ আৰম্ভ কৰে। ইয়াত ৩৫ ফুট উচ্চতাৰ সেনাপতি লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তিৰ উপৰিও, ১৮ ফুট দৈৰ্ঘ্যৰ আঠটা সৈনিকৰ মূৰ্তি আৰু ৩২ ফুট দীঘল দুটা পানীৰ কেনন আছে। লাচিত বৰফুকনৰ বহু প্ৰত্যাশিত ঐতিহাসিক শৰাইঘাট যুদ্ধৰ স্মৃতিৰ চিনস্বৰূপে ২০১৬ চনৰ ৩১ জানুৱাৰী তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।

১২) মাননীয় তদানীন্তন ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোবিন্দ ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি  যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত বৰফুকন মৈদামৰ সৌন্দৰ্যবৰ্ধন আৰু মেৰামতিৰ কামৰ ভাৰ্চুৱেলী ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে আধাৰশিলা স্থাপন কৰে। বীৰজনাৰ ১৫০ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ আৰু তেখেতৰ সমগ্ৰ জীৱন আৰু কৃতিৰ বিস্তৃত আভাস দিয়াৰ বাবে এক বিশাল সংগ্ৰহালয়, ব্যাখ্যা কেন্দ্ৰ, পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰও স্থাপন কৰা হ'ব। তদুপৰি পৰিকল্পিত গৱেষণা কেন্দ্ৰৰ সহায়ক হোৱাকৈ সমান্তৰালভাৱে প্ৰেক্ষাগৃহ, আৱাস আৰু অতিথিশালা নিৰ্মাণ কৰা হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে।

ad

ad

ad

ad