লাভলীনা বৰগোঁহাইৰ বিষয়ে || Lovlina Borgohain Information in Assamese

লাভলীনা বৰগোঁহাইৰ বিষয়ে || Lovlina Borgohain Information in Assamese

লাভলীনা বৰগোঁহাইৰ বিষয়ে || Lovlina Borgohain in Assamese

Lovlina Borgohain in Assamese




১)চমু পৰিচয়
লাভলীনা বৰগোহাঁই
পিতৃ - টিকেন বৰগোহাঁই
মাতৃ - মামণি বৰগোহাঁই
জন্ম - ২ অক্টোবৰ ১৯৯৭ চন
ওজন - ৬৯ কেজি
উচ্চতা -  ৫ ফুট ১০ ইঞ্চি (1.78 m)
ঠিকনা - অসমৰ গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁও।

২) তিনি গৰাকী বাই ভনীৰ কণিষ্ঠা কন্যা লাভলীনা বৰগোঁহাইক পাঁচ বছৰ বয়সত দেউতাকে বাতৰি কাকতত কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ ফটো দেখুৱাইছিল। তেতিয়াই প্ৰথম বক্সিং প্ৰতি আকৃষ্ট হৈছিল। প্ৰথমতে মোৱা থাই প্ৰশিক্ষণ গ্ৰহন কৰিছিল। প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডৰ প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হল ৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰে।

৩) ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত আহোঁতে লাভলীনা বৰগোঁহাইক বাছনি কৰে। পিছৰ পৰ্যায়ত গুৱাহাটীৰ SAI (SPORTS AUTHORITY OF INDIA) কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰে।

৪) অলিম্পিক খেলত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ। টকিঅ' অলিম্পিক 2020 ত অংশগ্ৰহণ কৰে। অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ দ্বিতীয় গৰাকী বক্সাৰ।

৫) টকিঅ' অলিম্পিক 2020 ৰ মহিলা বক্সিংৰ 69 কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

৬) ২০২০ চনত ভাৰত চৰকাৰে লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটা প্ৰদান কৰে।

৭) 2018 চনত AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত (2018 AIBA Women's World Boxing Championships) ত ব্ৰঞ্জ পদক লাভ কৰে আৰু 2018 চনৰ কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত হয়। কিন্তু কমনৱেলথ গেমছত পদক অৰ্জন কৰিবলৈ সক্ষম নহল। পুনৰ 2019 চনত AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰে।
 
(Updated on 01/08/2021)

   

ad

ad

ad

ad