তামিল ৰকাৰছ্ বিষয়ে কিছু তথ্য 11 facts about Tamilrockers movie download website in Assamese

তামিল ৰকাৰছ্ বিষয়ে কিছু তথ্য 11 facts about Tamilrockers movie download website in Assamese

 Tamilrockers কোন হয় আৰু  Tamilrockers ৰ বিষয়ে ১১ টা facts অসমীয়াত জানো আহক।

Tamilrockers ক লৈ sony liv ত এক নতুন web series release হব। এই Tamilrockers web series কাহিনী কিছুমান সঁচা ঘটনাক্ৰমক লৈ নিৰ্মাণ কৰা হৈছে। Tamilrockers ৱেব চিৰিজক লৈ বহু লোকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। Tamilrockers ক লৈ কেইটামান facts আপোনালোকৰ আগত আগবঢ়ালোঁ।

Tamilrockers in Assamese


১) Tamilrockers হৈছে এক চতুৰ ইন্টাৰনেট আৰু ডিজিটেল পৃথিৱীৰ এক অপৰাধী চক্ৰ। 

২) Tamilrockers ৰ কাহিনীৰ পটভূমি এজন দক্ষিণৰ জনপ্ৰিয় অভিনেতাৰ ২০১৮ চনত তেওঁৰ এখন বহু প্ৰত্যাশিত চিনেমা মুক্তিৰ ঠিক আগৰ ঘটনাক্ৰমক লৈ আগবাঢ়িছে। 

৩) Tamilrockers webseries ত মুখ্য অভিনেতা হিচাপে অৰুণ বিজয় আৰু অভিনেত্ৰী হিচাপে বাণী ভোজনে অভিনয় কৰিছে। 

৪) TamilRockers ২০০৭ চনৰ পৰা ২০১১ চন মানত কেইজনমান বন্ধুয়ে গঠন কৰা বুলি অনুমান কৰা হৈছে। ২০০৭ চনত যেতিয়া CD ৰ piracy বন্ধ কৰিবলৈ তামিলনাডু চৰকাৰে কঠোৰ পদক্ষেপ লৈছিল তেনে সময়তে চিনেমা CD PIRACY ৰ জৰিত কিছু ব্যৱসায়ী এই তামিল ৰকাৰচ গঠনত আগভাগ লৈছিল। এই দলত বৰ্তমান বহু লোক জৰিত আছে বুলি ধাৰণা কৰা হৈছে আৰু কিছু সদস্য ভাৰতৰ বাহিৰত থাকি চিনেমা piracy কাৰ্যত জৰিত হৈ আছে অনুমান কৰা হৈছে।

৫) TamilRockers ৰ দলে কেৱল চিনেমা internet ত আপলোড কৰিয়ে বুজন সংখ্যক ধন বিজ্ঞাপনৰ জৰিয়তে উপাৰ্জন কৰিছিল। পিছৰ পৰ্যায়ত তেওঁলোক চিনেমাৰ প্ৰযোজকৰ পৰা ব্লেক মেইলৰ জৰিয়তে, প্ৰতিদ্বন্দ্বী চিনেমাৰ প্ৰযোজকৰ পৰা অৰ্থ সংগ্ৰহ কৰিবলৈ লয়। TamilRockers দলৰ লগত বহু চিনেমা প্ৰযোজক, বিতৰক, চিনেমা হলৰ মালিক জৰিত হৈ আছে।

৬) Tamilrockers ৱেবচাইট ২০১১ চনৰ পৰা কাৰ্যক্ষম হৈ আছে বুলি জনা যায়। Tamilrockers ৱেবছাইটৰ মূল কাম হল নতুন নতুন চিনেমাবোৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈ সম্পূৰ্ণ বেআইনী ভাৱে Tamilrockers ৱেবছাইটৰ জৰিয়তে উপলব্ধ কৰাইছিল।

৭) বৰ্তমানলৈকে Tamilrockers গ্ৰুপত কিমান জন সদস্য আছে সেয়া জনা নাযায়। তেঁওলোকে প্ৰায় কোটি ঘৰত এই ৱেবচাইটৰ জৰিয়তে উপাৰ্জন কৰে বুলি অনুমান কৰে বুলি আৰক্ষীয়ে জনাইছিল।

৮) প্ৰথম অৱস্থাত কেৱল তামিল চলচ্চিত্ৰ পাইৰেচি কৰি Tamilrockers ৱেবছাইটত উপলব্ধ কৰাইছিল যদিও পাছৰ অৱস্থাত আন আন আঞ্চলিক ভাষাৰ চিনেমা, হিন্দী চিনেমা, হলিউডৰ চিনেমা, হিন্দী dubbed চিনেমা বোৰও উপলদ্ধ কৰাইছিল।

৯) ২০১৮ চনৰ মাৰ্চ মাহত কেৰালা পুলিচে চিনেমাৰ পাইৰেচিৰ বাবে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াই প্ৰথম তামিল ৰকাৰ্ছ গ্ৰুপৰ বিষয়ে জানিব পৰা যায়। তেঁওলোকে দক্ষিণৰ জনপ্ৰিয় অভিনেতা মোহন লালৰ চিনেমা পুলিমুৰুগণ অনলাইন প্লেটফৰ্মত ৰিলিজ দিয়াৰ দিনাই উপলব্ধ কৰাইছিল।

১০) তামিল ৰকাৰ্চ ৱেবচাইটটোৰ জৰিয়তে তেঁওলোকে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত বাণিজ্যিক দিশত অৰ্থনৈতিক ভাৱে বেয়াকৈ প্ৰভাৱ পেলাইছিল। চলচ্চিত্ৰ প্ৰযোজক সকলৰ বৃহৎ ক্ষতি হৈছিল আৰু ভাৰতীয় মনোৰঞ্জন উদ্যোগলৈ ভাবুকি কঢ়িয়াই আনিছিল।

১১) ২০২০ চনৰ অক্টোবৰ মাহত Tamilrockers ৱেবচাইট সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়া হৈছিল যদিও এই ৱেবছাইটৰ দৰে কেইবাটাও piracy websites বৰ্তমান ইণ্টাৰনেটত উপলদ্ধ আৰু এই ৱেবচাইট সমূহ Tamilrockers ৱেবছাইটৰ লগত জৰিত ব্যক্তিৰ বুলি সন্দেহ আছে।

ad

ad

ad

ad