
অসমীয়া বৰ্ণমালা || Assamese script alphabets
অসমীয়া বৰ্ণমালা || Assamese script alphabets
অসমীয়া ভাষা লিখিবলৈ অসমীয়া লিপি ব্যৱহাৰ কৰা হয়। অসমীয়া লিপিত দুই ধৰণৰ বৰ্ণ আছে।
১) স্বৰবৰ্ণ
স্বৰবৰ্ণৰ সংখ্যা ১১ টা। স্বৰ বৰ্ণৰ প্ৰতিটোৰে এক নিজস্ব চিহ্নৰ জৰিয়তেও পৰিচিত।
অসমীয়া লিপিৰ স্বৰবৰ্ণ কেইটা তলত উল্লেখ কৰা হৈছে।
অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ
অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ চিহ্নসমূহ তলত দিয়া ধৰণে ব্যৱহাৰ কৰা হয়।
স্বৰবৰ্ণ | চিহ্ন | উদাহৰণ |
অ | অ | ক |
আ | া | কা |
ই | ি | কি |
ঈ | ী | কী |
উ | ু | কু |
ঊ | ূ | কূ |
ঋ | ৃ | কৃ |
এ | ে | কে |
ঐ | ৈ | কৈ |
ও | ো | কো |
ঔ | ৌ | কৌ |
২) ব্যঞ্জনবৰ্ণ
অসমীয়া ভাষাৰ অসমীয়া লিপিৰ আন এক বৰ্ণ হল ব্যঞ্জনবৰ্ণ। অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ ৪১ টা।
অসমীয়া ব্যঞ্জনবর্ণ
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁঁ
অসমীয়া ভাষা শিক্ষাত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ দুয়োবিধৰ সমানে গুৰুত্ব আছে। অসমীয়া বৰ্ণমালা ব্যৱহাৰ কৰি অসমীয়া ভাষাক লিখিত ৰূপ প্ৰদান কৰাত অসমীয়া ভাষাক অধিক গতিশীল আৰু বিকাশ কৰাত নিসন্দেহে সহায়ক হৈছে।