
অসমীয়া লেখকৰ ছদ্মনাম || List of Pen name of Assamese Writers
অতীজৰ পৰাই সাহিত্যকৰ্মৰ লগত জড়িত লেখক, কবি, চিন্তাবিদ আদিয়ে নিজৰ লেখা নিজৰ নামৰ সলনি আন নামত প্ৰকাশ কৰাৰ প্ৰৱণতা এটা আছে। এই ক্ষেত্ৰত অসমীয়া সাহিত্য চৰ্চা কৰা বহু সাহিত্যিকে ছদ্মনামত লেখা মেলা কৰি গৈছিল আৰু তেনে নামেৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আজি তলত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা কিছু সাহিত্যিকৰ নাম আৰু ছদ্মনাম উল্লেখ কৰিবলৈ চেষ্টা কৰিলোঁ। ভুল যেন লাগিলে তলত comment box ত জনাবলৈ টানি অনুৰোধ জনালোঁ।
১) প্ৰমোদ কুমাৰ বৰদলৈ
ছদ্মনাম - অঘৰী
২) চৈয়দ আব্দুল মালিক
ছদ্মনাম - অজগৰ / স্বামী অভঙানন্দ
৩ ) কমলাকান্ত ভট্টাচাৰ্য্য
ছদ্মনাম - অষ্টবক্র
৪) অতুল চন্দ্ৰ হাজৰিকা
ছদ্মনাম - অসম / চিত্র দাস
৫) মুনীন বৰকটকী
ছদ্মনাম - অনিৰুদ্ধ কটকী
৬) জগদীশ ফুকন
ছদ্মনাম - অস্বীকৃত
৭) আনন্দৰাম ঢেকিয়াল ফুকন
ছদ্মনাম - এ নেটিভ
৮) বিষ্ণুপ্ৰসাদ ৰাভা
ছদ্মনাম - বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া
৯) ড॰ বাণীকান্ত কাকতি
ছদ্মনাম - ভৱানন্দ পাঠক
১০) গুণাভিৰাম বৰুৱা
ছদ্মনাম - গুৰুদত্ত
১১) কীর্তিনাথ হাজৰিকা
ছদ্মনাম - দদাই
১২) দেৱেশ্বৰ শৰ্মা
ছদ্মনাম - দেশ
১৩) ৰবীন দে
ছদ্মনাম - ৰংমন
১৪) যতীন্দ্ৰনাথ দুৱৰা
ছদ্মনাম - যদু
১৫) নিৰ্মলাপ্ৰভা বৰদলৈ
ছদ্মনাম - নীলা বাইদেউ
১৬) পীতাম্বৰ ৰাজমেধি
ছদ্মনাম - ৰাজমোহন নাথ ।
১৭) ইমৰান শ্বাহ
ছদ্মনাম - বাবুল / ঈশান দত্ত / কুম্ভকৰ্ণ
১৮) লক্ষ্মীনাথ বেজবৰুৱা
ছদ্মনাম - কৃপাবৰ বৰবৰুৱা
১৯) ৰেৱতী মোহন দত্ত চৌধুৰী
ছদ্মনাম - শীলভদ্ৰ
২০) ড° সূর্য কুমাৰ ভূঞা
ছদ্মনাম - ভানুনন্দন
২১) ড° বিৰিঞ্চি কুমাৰ বৰুৱা
ছদ্মনাম - ৰাস্না বৰুৱা / বীণা বৰুৱা
২২) ইন্দিৰা গোস্বামী
ছদ্মনাম - মামণি ৰয়ছম গোস্বামী
২৩) কুমুদ হাজৰিকা
ছদ্মনাম - ৰঞ্জু হাজৰিকা
২৪) ৰজনীকান্ত বৰদলৈ
ছদ্মনাম - ভোলাই শৰ্মা
২৫) শৰৎ চন্দ্ৰ গোস্বামী
ছদ্মনাম - বাপচন্দ্ৰ ভাগৱতী
২৬) বেণুধৰ শৰ্মা
ছদ্মনাম - বিহগুটি বৰা
২৭) দীনেশ চন্দ্ৰ গোস্বামী
ছদ্মনাম - চাৰু দত্ত
২৮) হলিৰাম ডেকা
ছদ্মনাম - চিত্ৰসেন যখৰীয়া
২৯) মহিম বৰা
ছদ্মনাম - ধনবৰ কাই
৩০) ড॰ নগেন দত্ত
ছদ্মনাম - এণ্ডি খুড়া
৩১) নৱকান্ত বৰুৱা
ছদ্মনাম - এখুদ ককাইদেউ / সীমা দত্ত /ন-আইতা
৩২) সত্যনাথ বৰা
ছদ্মনাম - এজন অসমীয়া
৩৩) পাৰ্বতী প্ৰসাদ বৰুৱা
ছদ্মনাম - হয়বৰ অভয়াপুৰীয়া
৩৪) ভুৱন মোহন বৰুৱা
ছদ্মনাম - কাঞ্চন বৰুৱা
৩৫) কিশোৰ কুমাৰ শৰ্মা
ছদ্মনাম - কুমাৰ কিশোৰ
৩৬) বিনন্দ চন্দ্ৰ বৰুৱা
ছদ্মনাম - কেৰপাই শৰ্মা
৩৭) মহেন্দ্ৰনাথ ডেকা ফুকন
ছদ্মনাম - মনাই বৈৰাগী
৩৮) ৰত্নকান্ত বৰকটকী
ছদ্মনাম - নতুন কৃপাবৰ
৩৯) তীৰ্থনাথ শৰ্মা
ছদ্মনাম - নিৰ্মলা দেৱী
৪০) ড॰ হীৰেন গোহাঁই
ছদ্মনাম - নিৰঞ্জন ফুকন
৪১) হেমেন কুমাৰ শৰ্মা
ছদ্মনাম - নীলিম কুমাৰ
৪২) উমাকান্ত শৰ্মা
ছদ্মনাম - পশুপতি ভৰদ্বাজ
৪৩) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
ছদ্মনাম - প্ৰিয় বন্ধু / সঞ্জয় / সত্যপ্ৰিয় পাঠক
৪৪) পবিত্ৰ কুমাৰ ডেকা
ছদ্মনাম - ৰসেশ্বৰ হাজৰিকা
৪৫) প্ৰণৱ তামূলী
ছদ্মনাম - ৰত্না তামূলী / ৰাণা তামুলী
৪৬) ৰন্তেশ্বৰ মহন্ত
ছদ্মনাম - ৰাম দাস গোস্বামী
৪৭) শৰৎ চন্দ্ৰ গোস্বামী
ছদ্মনাম - ৰূপচন্দ্ৰ ভাগৱতী
৪৮) সুৰেন্দ্ৰনাথ মেধি
ছদ্মনাম - সৌৰভ কুমাৰ চলিহা
৪৯) প্ৰমোদ চন্দ্ৰ তামুলী
ছদ্মনাম - শান্তনু তামুলী / মৌচাক মামা
৫০) হেমচন্দ্ৰ বৰুৱা
ছদ্মনাম - সোণাৰাম চান্দ / স্বৰ্ণ বৰুৱা
৫১) লম্বোদৰ বৰা
ছদ্মনাম - সদানন্দ
৫২) আনন্দ চন্দ্ৰ আগৰৱালা
ছদ্মনাম - শ্ৰী হৰ্ষ
৫৩) মহেন্দ্ৰ চন্দ্ৰ গোস্বামী
ছদ্মনাম - কুমাৰ মধুসুদন
৫৪) কীৰ্তিনাথ বৰদলৈ
ছদ্মনাম - যশপতি শৰ্মা
৫৫) পবিত্ৰ কুমাৰ ডেকা
ছদ্মনাম - ৰসেশ্বৰ হাজৰিকা
৫৬) গৌৰীকান্ত তালুকদাৰ
ছদ্মনাম - গণপতি / মধুকৰ
৫৭) ভবানন্দ দত্ত
ছদ্মনাম - নাচিকেতা