
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে || Dehing Patkai National Park in Assamese
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান || Dehing Patkai National Park
১) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ২৩৪.২৬ বৰ্গ কিলোমিটাৰ। ইয়াৰ ভিতৰত ১১০.৫৯ বৰ্গ কিলোমিটাৰ ডিব্ৰুগড় জিলাত আৰু ১২৩.৬৭ বৰ্গ কিলোমিটাৰ তিনিচুকীয়া জিলাত আগুৰি আছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে দিহিং নদী বৈ গৈছে।
২) অসম চৰকাৰৰ বন বিভাগে আনুষ্ঠানিক ভাৱে ৯ জুন ২০২১ চন তাৰিখে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে।
ইয়াৰ পূৰ্বে ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃত হৈছিল। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ।
৩) বন বিভাগৰ জৰিয়তে কৰা জৰীপত
৪৭ বিধ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩৮০ প্ৰজাতিতকৈ অধিক প্ৰজাতিৰ বনৰীয়া চৰাই, ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ,৩১০ বিধ পখিলা আদি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।
৪) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৫ টা প্ৰজাতিৰ ধনেশ চৰাই, ৭ টা প্ৰজাতিৰ বান্দৰ বাস কৰে। এই অঞ্চলক হাতীৰ এক গুৰুত্বপূৰ্ণ বিচৰণ থলী হিচাপে গণ্য কৰা হয়।
৫) উদ্ভিদৰ ক্ষেত্ৰতো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বিশেষভাৱে চহকী। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত
১০৭ প্ৰজাতিৰো অধিক অৰ্কিড, ১৬০ প্ৰজাতিতকৈ অধিক গছ-গছনি আছে।
৬) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বাস কৰা স্তন্যপায়ী প্ৰাণী কিছুমানৰ নাম হল হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দূৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ , ষ্টাম্পটেল মেকাক , হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, পেংগ'লিন, ভালুক, কেৰ্কেটুৱা, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী, কেটেলা পহু, জহামাল, নেউল, লতামাকৰি, হেপা, কেৰ্কেটুৱা, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধা ফুটুকী বাঘ, হিমালয়ৰ ভালুক, মাটি ভালুক, কেঁকোৰাখোৱা নেউল, ৰাং কুকুৰ, বনৰৌ, দেওশৰ, হালধীয়া মাৰটিন আদি।
৭) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত থকা কিছুমান চৰাইৰ নাম হল দেওহাঁহ, পাটিশগুণ, ধনেশ পক্ষী, হাড়গিলা, শেন, ঈগল, হুদু চৰাই, ভদৰকলী, মৌপিয়া, হাইঠা, ফেঁচু, ভীমৰাজ, ৰূপহী, বুলবুলি, মইনা, মাছৰোকা, ধৃতৰাজ, বাঢ়ৈটোকা, শিলকপৌ ইত্যাদি।
৮) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত থকা কিছুমান উদ্ভিদৰ নাম হোলোং, শিলিখা, মেকাই, ধূণা, উৰিয়াম, নাহৰ, চাম, শলখ, ঔ টেঙা, ডিমৰু, তিতাচপা, চেগুন আদি।
৯) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক জয়পুৰ বৰ্ষাৰণ্য হিচাপেও পৰিচিত। অসমৰ সপ্তম খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটক আৰু প্ৰকৃতি প্ৰেমীৰ বাবে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে।
(Updated on 31/07/2021)