শগুনীলতা বা অমৰলতা বা গিলয় || Giloy in Assamese

শগুনীলতা বা অমৰলতা বা গিলয় || Giloy in Assamese

শগুনীলতা বা অমৰলতা বা গিলয়

শগুনীলতা বা অমৰলতা বা গিলয়


  অমৰলতা হৈছে এবিধ লতাজাতীয় উদ্ভিদ আৰু সাধাৰণতে আন গছত বগাই যায়। ইয়াৰ গা গছ লতাবোৰ, খহটা আৰু সৰু সৰু কাঁইট থাকে। অমৰলতা গছবোৰৰ গা গছ আৰু পাত দুয়োটা সেউজীয়া ৰঙৰ হয়। এই লতাবোৰ আন গছত বহুত ওপৰলৈ বগাবলৈ সক্ষম। অমৰলতাৰ পাতবোৰ দেখাত পাণ গছৰ পাতৰ দৰে। অমৰলতাৰ ফুলবোৰ হালধীয়া আৰু ফলবোৰ পকিলে সেন্দুৰৰ দৰে ৰঙা হয় ।

   অমৰলতাক বেলেগ বেলেগ ভাষাত বেলেগ নামেৰে জনা যায়। অমৰলতাৰ বৈজ্ঞানিক নাম Tinospora cordifolia আৰু সংস্কৃত নাম গুদুচি (Guduchi) বা অমৃতা (Amrita) । হিন্দী ভাষাত গিলয় (Giloy) আৰু  গুলানচ (Gulanch) বুলি কোৱা হয়। অমৰলতা সাধাৰনতে নমৰে বাবে ইয়াক অমৰলতা নাম দিয়া হৈছে বুলি একাংশ ই কব বিচাৰে। আন একাংশৰ মতে এই লতাৰ ব্যৱহাৰে অমৰ হোৱাৰ দৰে হয়। আনহাতে অসমীয়াত এই উদ্ভিদ বিধক ১০০ টা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি বাবে শগুণী লতা বুলিও কোৱা হয়।

  গিলয় আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাইতে পোৱা যায়। ইয়াৰ ওপৰিও কিছু পৰিমাণে চীন, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ নিৰ্দিষ্ট কিছু অঞ্চলত পোৱা যায়। মুখ্যতঃ ভাৰতবৰ্ষতে এই উদ্ভিদ বিধ বহুল পৰিমাণে পোৱা যায় আৰু ব্যৱহাৰ কৰা হয়।


অমৰলতা হৈছে মুখ্যতঃ এবিধ অতি প্ৰয়োজনীয় বহু গুণ সম্পন্ন ঔষধি উদ্ভিদ। এই উদ্ভিদ উচিত হিচাপত ব্যৱহাৰ কৰিলে বহুতো ৰোগৰ পৰা উপশম পাব পাৰি বুলি আয়ুৰ্বেদিক চিকিৎসাত উল্লেখ আছে। এই উদ্ভিদৰ প্ৰতিটো অংশই আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

 

অমৰলতাৰ সঠিক ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি। অমৰলতাৰ ব্যৱহাৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কিছুমান সাধাৰণ বেমাৰ যেনে জ্বৰ, চৰ্দি, কাঁহৰ পৰা মাৰাত্মক কেন্সাৰ ৰোগ পৰ্যন্ত উপশম কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অমৰলতা বিভিন্ন অংশ ব্যৱহাৰ কৰি আন বহুতো বেমাৰৰ পৰা মুক্ত হব পৰা যায়।

যিকোনো বেমাৰৰ চিকিৎসাৰ বাবে অমৰলতাৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজন। কেনেদৰে সঠিক নিয়মত গ্ৰহণ কৰিব পাৰি তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী। চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াক দৈনিক সেৱন কৰা অনুচিত। সপ্তাহত এদিন বা দুদিন সেৱন কৰিলেও বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগত অমৰলতা সেৱন কৰিবলৈ তিনি ইঞ্চি জোখৰ গা গছ লৈ অলপ খুন্দি লব পাৰে বা গুটাকে হলেও আধা গিলাচ পানীত ৰাতি তিয়াই থব লাগে। পানীখিনি পাছদিনা ৰাতিপুৱা খালি পেটত খাই দিব। সেইদৰে এটুকুৰা অমৰ লতা দুবাৰ তিনিবাৰ ব্যৱহাৰ কৰিব পাৰে। নিয়মিত এক সপ্তাহ ব্যৱহাৰ কৰা পাছত চাৰিদিন বা এক সপ্তাহ পৰ্যন্ত অমৰ লতা ব্যৱহাৰৰ পৰা বিৰত থকা উচিত।


পুনৰ মন কৰিব যিহেতু অমৰ লতা এবিধ ঔষধি গুণ সম্পন্ন উদ্ভিদ সেয়েহে যিকোনো বেমাৰৰ পৰা উপশম পাবলৈ চিকিৎসক বা ইয়াৰ সঠিক ব্যৱহাৰ জনা ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰা অতি জৰুৰী। আনহাতে শিশু, গৰ্ভৱতী, আন জটিল ৰোগত ভুগি থকা লোক আৰু অমৰলতা ব্যৱহাৰৰ পৰা বিৰত থকা উচিত। আনহাতে সুস্থ লোকেও প্ৰতিদিনে সেৱন নকৰি সপ্তাহত বা মাহেকত এদিন বা দুদিন সেৱন কৰা উচিত।

অমৰলতা সম্পৰ্কে আয়ুৰ্বেদত বিস্তৃত আৰু ব্যাপক ৰূপত চৰ্চা কৰা হৈছে আৰু বৈজ্ঞানিক ভিত্তিত বৰ্তমানেও গৱেষণা অব্যাহত আছে। অমৰলতাক বৰ্তমান ব্যৱসায়িক ভিত্তিত juice, powder, capsule হিচাপেও বজাৰত উপলব্ধ।

ad

ad

ad

ad