Covid 19 and Pandemic in Assamese essay || কোভিড ১৯ আৰু কৰোনা মহামাৰী

Covid 19 and Pandemic in Assamese essay || কোভিড ১৯ আৰু কৰোনা মহামাৰী

 

Covid 19 in Assamese

Covid 19 হৈছে এক মাৰাত্মক ভাইৰাছ। এই ভাইৰাছে 2020 চনত সমগ্ৰ বিশ্বত মহামাৰীৰ সৃষ্টি কৰিছিল। বৰ্তমান 2021 চনতো ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অব্যাহত আছে। বিশ্বৰ বহু কেইখন আগশাৰীৰ দেশত covid 19 মহামাৰীৰ কবলত পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, ব্ৰাজিল, ভাৰত, চীন, গ্ৰেট ব্ৰিটেইন আদি দেশত অধিক প্ৰভাৱ পৰে।


Covid 19 প্ৰথম আৱিৰ্ভাৱ হয় চীনৰ ৱহান প্ৰদেশত। এই বিষয়ে চীনে ২০১৯ চনৰ ৩১ ডিচেম্বৰত আনুষ্ঠানিক ভাৱে বিশ্ব স্বাস্থ্য সংস্থাক অৱগত কৰে। পাছৰ পৰ্যায়ত ১১ মাৰ্চ ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থাই covid 19 ক মহামাৰী হিচাপে ঘোষণা কৰে। 

Covid 19 বা কৰোনা ভাইৰাছ ৰ উৎপত্তি ক্ষেত্ৰত বহু বিতৰ্ক ইতিমধ্যে চলি আছে। ভিন্ন বৈজ্ঞানিকৰ এই ক্ষেত্ৰত ভিন্ন মত পোষণ কৰে। কিছু বৈজ্ঞানিকৰ মত অনুসৰি কভিদ ১৯ ৰ উৎপত্তি বাদুলীৰ পৰা হৈছে আৰু মানৱ শৰীৰ লৈ পাছৰ পৰ্যায়ত সংক্ৰমিত হয়। আনহাতে কিছু বৈজ্ঞানিকৰ মত অনুসৰি এই ভাইৰাছ মানৱ সৃষ্ট আৰু ইয়াক চীনৰ লেৱত বিকশিত কৰা হৈছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা কভিড ১৯ উৎপত্তিৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্তত উপনীত হব পৰা নাই।

Covid 19 বেমাৰৰ লক্ষণ সমূহ অধ্যয়ন কৰি বুজা গৈছে যে এই বেমাৰ মানুহৰ পৰা মানু্হ লৈ সহজেই সোচঁৰে। Covid 19 আক্ৰান্ত লোকসকলে জ্বৰ, cough, উশাহ লোৱাত কষ্ট পোৱা, শৰীৰৰ বিষ আদি বেমাৰত ভোগে। প্ৰথম অৱস্থাত অনুমান কৰা হৈছিল যে ই বয়সস্থ আৰু আন বেমাৰত ভুগি থকা লোকসকলৰ বাবে মাৰাত্মক হৈ উঠে। কিন্তু পিছৰ পৰ্যায়ত দেখা গল যে কোভিদ ১৯ সকলো বয়সৰ লোকৰ বাবে মাৰাত্মক। আনহাতে এই বেমাৰে বিভিন্ন ঠাইত ভিন্ন ৰূপ লোৱা দেখা গল। ঠাই ভেদে covid 19 ৰূপ সলনি কৰাত বিশ্ব স্বাস্থ্য সংস্থাই আলফা, বিটা, গামা, ডেলটা নাম দিছে।

বিশ্ব স্বাস্থ্য সংস্থা অনুসৰি সমগ্ৰ বিশ্বত বৰ্তমান ( Updated on 22/07/2021) লৈকে প্ৰায় 20 কৌটি লোক covid 19 ত আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত প্ৰায় 42 লক্ষ লোক মৃত্যু মুখত পৰিল। কেৱল ভাৰতত প্ৰায় 3.13 কৌটি লোক covid 19 আক্ৰান্ত হৈছে আৰু প্ৰায় 4.19 লক্ষ লোক মৃত্যু মুখত পৰিল। ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, কৰ্ণাটক ৰাজ্য অধিক লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ পৰিসংখ্যা অধিক। অসমৰ প্ৰেক্ষাপটত বৰ্তমান লৈকে প্ৰায় 5.52 লক্ষ লোক আক্ৰান্ত হৈছে আৰু প্ৰায় 5052 জন covid 19 ত আক্ৰান্ত লোক মৃত্যু মুখত পৰে।

Covid 19 মহামাৰীৰ মাজতে বিশ্বৰ কেইবাটাও ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানে covid 19 ৰ ভেকচিন প্ৰস্তুত কৰি মানৱ জাতিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বত বৰ্তমানে কেইবাটাও ভেকচিন ব্যৱহাৰ কৰা হৈছে আৰু covid 19 ৰ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহন কৰিছে।

( This article updated on 22/07/2021)

ad

ad

ad

ad