
টকিঅ' অলিম্পিক ২০২০ মুখ্য ঘটনা প্ৰবাহ || Tokyo Olympic 2020 main events and facts in Assamese
টকিঅ' অলিম্পিক ২০২০ ত ভাৰতৰ হৈ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈ সকলৰ তালিকা-
সোণ
১) নীৰজ চোপ্ৰা
খেলৰ নাম - জেভলীন থ্ৰ
ৰূপ
১) মীৰাবাই চানু
খেলৰ নাম - ভাৰত্তোলন ( ৪৯ কেজি শাখা )
২) ৰবি কুমাৰ দাহিয়া
খেলৰ নাম - মল্ল যুঁজ ( ৫৭ কেজি শাখা)
ব্ৰঞ্জ
১) পি ভি সিন্ধু
খেলৰ নাম - বেডমিন্টন ( মহিলা একক শাখা)
২) লাভলীনা বৰগোহাঁই
খেলৰ নাম - মহিলা বক্সিং (৬৯ কেজি শাখা)
৩) বজৰং পুনিয়া
খেলৰ নাম - মল্লযুঁজ (৬৫ কেজি শাখা)
৪) ভাৰতীয় পুৰুষ হকী দল
টকিঅ' অলিম্পিক ২০২০ ত ভাৰতৰ হৈ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈ সকলৰ তালিকা-
সোণ
১) নীৰজ চোপ্ৰা
খেলৰ নাম - জেভলীন থ্ৰ
ৰূপ
১) মীৰাবাই চানু
খেলৰ নাম - ভাৰত্তোলন ( ৪৯ কেজি শাখা )
২) ৰবি কুমাৰ দাহিয়া
খেলৰ নাম - মল্ল যুঁজ ( ৫৭ কেজি শাখা)
ব্ৰঞ্জ
১) পি ভি সিন্ধু
খেলৰ নাম - বেডমিন্টন ( মহিলা একক শাখা)
২) লাভলীনা বৰগোহাঁই
খেলৰ নাম - মহিলা বক্সিং (৬৯ কেজি শাখা)
৩) বজৰং পুনিয়া
খেলৰ নাম - মল্লযুঁজ (৬৫ কেজি শাখা)
৪) ভাৰতীয় পুৰুষ হকী দল
কিছু আন তথ্য
১) টকিঅ' অলিম্পিক ২০২০ চনত অনুস্থিত হোৱা কথা আছিল যদিও বৰ্তমান সমগ্ৰ বিশ্বতে চলি থকা covid ১৯ মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাই পৰা ৯ আগষ্টলৈ অনুষ্ঠিত হয়।
২) টকিঅ' অলিম্পিক ২০২০ টকিঅ' চহৰৰ ৪২ খন ঠাইত অনুষ্ঠিত হয় আৰু সৰ্বমুঠ ৩৩ বিধ খেল অনুষ্ঠিত কৰা হয়। টকিঅ' অলিম্পিকত নতুনকৈ ৫ বিধ খেল অন্তৰ্ভূক্ত কৰা হয়। খেল সমূহ হল - কাৰাটে, স্কেটবৰ্ডিং, স্পৰ্ট ক্লাইম্বিং, চাৰফিং আৰু ছফ্টবল/ বেচবল।
৩) টকিঅ' অলিম্পিক ২০২০ ত মুঠ খৰচ সঠিককৈ কব নোৱাৰি যদিও অলিম্পিকৰ লগত জড়িত বিষয়াৰ মতে প্ৰায় ১৫.৪ বিলিয়ন আমেৰিকান ডলাৰ। অানহাতে জাপান চৰকাৰৰ দাবী কৰা অনুসৰি প্ৰায় ২০ বিলিয়ন আমেৰিকান ডলাৰ।
৪) টকিঅ' অলিম্পিক হাই জাম্প প্ৰতিযোগিতাত কাটাৰৰ মূতাজ ইচ্চা বাৰ্শিম আৰু ইটালীৰ গীয়ান মাৰ্কো তম্বেৰিয়ে সোণৰ পদকটো ভগাই লয়। এই ঘটনা অলিম্পিক ইতিহাসত ১১৩ বছৰৰ পাছত পুনৰাবৃত্তি ঘটে।
৫) টকিঅ' অলিম্পিক ২০২০ ত ২৪ টা শাখাত বিশ্ব ৰেকৰ্ড ভংগ কৰে।
৬) অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এম্মা মেককেয়ন টকিঅ' অলিম্পিক ২০২০ ত সাতটা পদক অৰ্জন কৰি সকলো খেলুৱৈৰ ভিতৰত অধিক পদক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। অানহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলেৱ ড্ৰেছেল নামৰ সাঁতোৰ বিদ জনে পাঁচ টা সোণৰ পদক লাভ কৰি সকলোতকৈ বেছি সোণৰ পদক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।
টকিঅ' অলিম্পিক ২০২০ ৰ পাছত ২০২৪ চনত পেৰিছ চহৰত গ্ৰেট শ্বো অন আৰ্থ ( Great Show on Earth) হিচাপে জনাজাত অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হব।
টকিঅ' অলিম্পিক ২০২০ ৰ পদক তালিকাৰ প্ৰথম দহখন দেশৰ পদক তালিকা। ভাৰতৰ স্থান পদক তালিকাত ৪৮ নং স্থান লাভ কৰে।
স্থান | দেশৰ নাম | সোণ | ৰূপ | ||
১ | আমেৰিকা যুক্তৰাষ্ট্ৰ | ৩৯ | ৪১ | ৩৩ | ১১৩ |
২ | চীন | ৩৮ | ৩২ | ১৮ | ৮৮ |
৩ | জাপান | ২৭ | ১৪ | ১৭ | ৫৮ |
৪ | গ্ৰেট ব্ৰিটেইন | ২২ | ২১ | ২২ | ৬৫ |
৫ | ৰাছিয়ান অলিম্পিক কমিটি (ৰাছিয়া) | ২০ | ২৮ | ২৩ | ৭১ |
৬ | অষ্ট্ৰেলিয়া | ১৭ | ০৭ | ২২ | ৪৬ |
৭ | নেডাৰলেণ্ড | ১০ | ১২ | ১৪ | ৩৬ |
৮ | ফ্ৰান্স | ১০ | ১২ | ১১ | ৩৩ |
৯ | জাৰ্মানী | ১০ | ১১ | ১৬ | ৩৭ |
১০ | ইটালী | ১০ | ১০ | ২০ | ৪০ |
৪৮ | ভাৰত | ১ | ২ | ৪ ৭ |