e-RUPI বিষয়ে কিছু তথ্য || e-RUPI information in Assamese

e-RUPI বিষয়ে কিছু তথ্য || e-RUPI information in Assamese

 e-RUPI বিষয়ে কিছু তথ্য || e-RUPI information in Assamese

e-RUPI information in Assamese



১) e-RUPI ভাৰত চৰকাৰৰ দ্বাৰা মুকলি এক নতুন cashless আৰু contactless ডিজিটেল payment মাধ্যম বা প্লেটফৰ্ম। ০২/০৮/২০২১ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই Virtual event ৰ জৰিয়তে দেশবাসীৰ বাবে মুকলি কৰে।e-RUPI ৰ মুকলি কৰি e-RUPI ৰ বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ জনতা যথেষ্ট উপকৃত হব বুলি আশা কৰে।

২) e-RUPI ৰ জৰিয়তে পোনপটীয়াকৈ কোনো ব্যক্তিৰ মবাইলত ভাউচাৰ হিচাপে Payment কৰি তেওঁক উপকৃত কৰিব পাৰিব। এই ব্যৱস্থাত QR code আৰু SMS ৰ প্ৰয়োগ হব।

৩) e-RUPI ক আপুনি এক ধৰণৰ ডিজিটেল মুদ্ৰা হিচাপে গণ্য কৰিব পাৰি। ডিজিটেল মুদ্ৰা যেনে Bitcoin, dogecoin আদিৰ দৰে।

৪) e-RUPI ৰ জৰিয়তে কোনো ব্যক্তিক উপহাৰ হিচাপে cashless আৰু contactless ভাৱে ই ভাউচাৰ (e voucher) প্ৰদান কৰিব পাৰিব। লগতে এই ব্যৱস্থাৰ দ্বাৰা আপুনি লাভ কৰা ই ভাউচাৰ কোনো ধৰণৰ কাৰ্ড, ডিজিটেল পেমেণ্ট বা ইণ্টাৰনেট বেংকিং অবিহনে ব্যৱহাৰ কৰিব পাৰিব।

৫) e-RUPI ভাৰত চৰকাৰৰ Department of Financial Services, Ministry of Health and Family Welfare আৰু National Health Authority উদ্যোগত National Payments Corporation of India (NPCI) প্ৰতিষ্ঠানে developed কৰিছে।
 
৬) ভাৰত চৰকাৰৰ e-RUPI প্লেটফৰ্মৰ জৰিয়তে বৰ্তমান সময়ত ভাৰত চৰকাৰৰ বিভিন্ন জন কল্যাণ কামী আঁচনি সমূহক সংযুক্ত কৰাৰ ব্যৱস্থা আছে। যেনে আয়ুষ্মান ভাৰত, প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা আদি বিভিন্ন আঁচনি সমূহৰ উপভোক্তা সকলক পোনপটীয়াকৈ সহায়ক হব। ইয়াৰ উপৰিও যিকোনো ব্যক্তিক যাৰ বিভিন্ন কাৰণত সাহায্যৰ প্ৰয়োজন হয় তেনে ব্যক্তিক crowdfunding ৰ দৰে ব্যৱস্থাৰ জৰিয়তে সহায় কৰিব পৰা যাব।

৭) National Health Authority (NHA) ৰ দ্বাৰা e-RUPI ৰ বিষয়ে জনাই যে এই ব্যৱস্থা সহজ, দ্ৰুত আৰু সুৰক্ষিত। উপভোক্তা সকলৰ তথ্য গোপনে ৰখা হয়। উপভোক্তা সকলে এই সুবিধা লাভৰ বাবে কোনোধৰণৰ বেংক একাউণ্টৰ প্ৰয়োজন নহয়।

ad

ad

ad

ad