বেদ কি আৰু কোনে ৰচনা কৰিছিল?

বেদ কি আৰু কোনে ৰচনা কৰিছিল?

বেদ কি আৰু কেইখন ?

বেদ কি


  মানুহে লিখা পুথিৰ ভিতৰত বেদ পৃথিৱীৰ সৱাতোকৈ পুৰণি আৰু হিন্দুসকলৰ প্ৰধান আৰু মূল ধৰ্ম-শাস্ত্ৰ।বেদ হিন্দুসকলৰ বাবে পৱিত্ৰ আৰু জ্ঞানৰ ভঁৰাল।বেদৰ অৰ্থ হৈছে জ্ঞান। ঋষিসকলে সেই জ্ঞান শিষ্যসকলক দিছিল। এনেদৰে বেদ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছিল আৰু আজিও মানুহক বেদে পথ প্ৰদৰ্শন কৰি আছে। মানুহৰ মুখে মুখে চলি অহা নীতি-নিয়ম আৰু বিশ্বাসবোৰকে কেইবাগৰাকী ঋষিয়ে বেদত লিখি ৰাখে। শুনি লিখা কাৰণে বেদক ‘শ্রুতিও' বোলে। 


বেদ চাৰিখন : ঋকবেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। তাৰ ভিতৰত ঋক্ বেদ সৱাতোকৈ পুৰণি।


১) ঋকবেদ

'ৰিক' মানে প্ৰশংসা কৰা। ঋকবেদত ইন্দ্ৰ, অগ্নি, বৰুণ আদি দেৱতাসকলৰ প্ৰশংসা কৰা হৈছে। ঋকবেদত প্ৰকৃতিৰ শক্তিসমূহৰ ব্যৱহাৰক সৰ্বোচ্চ গুৰুত্ব দিয়া হৈছে। ইয়াত দেৱতাসকলৰ প্ৰশংসাত ১০১৭ টা গীত বা কবিতা আছে। এই গীতসমূহ বিভিন্ন মন্ত্ৰৰে গঠিত। এটা মন্ত্ৰত ২৫ টা আখৰৰ পৰা ১০৪টা আখৰলৈকে থাকে যিবোৰ এবাৰতে আবৃত্তি কৰিব লাগে।


২) যজু:বেদ 

‘যজুছ’ মানে ৰীতি-নীতি। যজু্:বেদত দেৱতাসকলৰ ওচৰত কৰিব লগা বিভিন্ন ৰীতি-নীতি আৰু যজ্ঞ সন্নিবিষ্ট কৰা হৈছে। যেতিয়া কোনো মন্ত্ৰ জপ কৰি, তাৰ শক্তি অনুভৱ কৰা হৈছিল, তেতিয়া মন্ত্ৰটো উপযোগী কৰিবলৈ সংশ্লিষ্ট দেৱতাক এক নিৰ্দিষ্ট ধৰণৰ বলিদান আগবঢ়োৱা হৈছিল। অগ্নিৰ যোগেদি দেৱতাক দিয়া এই যজ্ঞৰ বিষয়ে যজু:বেদত উল্লেখ আছে। কৃষ্ণ যজু:বেদত ১০১টা আৰু শুক্ল যজু:বেদত ১৭টা শাখা আছে।


৩) সামবেদ

‘সাম’ মানে গীত। সামবেদত গীতৰ শ্লোকসমূহ উল্লেখ আছে। এই শ্লোকসমূহৰ মূল ৰূপত ৭টা স্বৰ ব্যৱহাৰ কৰি ৰচনা কৰা হৈছে যিবোৰ সাধাৰণতে যিকোনো গীত গাবলৈ ব্যৱহাৰ হয়। সা, ৰে, গা, মা, পা, ধা, নি যাক আমি সপ্তসুৰ বুলি জানো আৰু যিবোৰ ভাৰতৰ সকলো শাস্ত্ৰীয় সংগীতৰ আধাৰ হয়। সামবেদৰ অধিকাংশ শ্লোক ঋকবেদৰ পৰা লোৱা হৈছে। ইয়াত বহুতো নতুন শ্লোক সংযোজন কৰা হৈছে। লগতে কিছুমান পদ পুনৰাবৃত্তি কৰা হৈছে। ইয়াত মুঠ ১৮৭৫ টা পদ আছে। সামবেদৰ শ্লোকবোৰ আমি গোৱা উচিত, মন্ত্ৰৰ দৰে জপ কৰা উচিত নহয়।


৪) অথৰ্ববেদ

আধুনিক জীৱন যাপনৰ বাবে আমাৰ অতি প্ৰয়োজনীয় বেদ খনেই হৈছে অথৰ্ব বেদ। অথৰ্ববেদত সাংসাৰিক সুখ লাভৰ বাবে উপযোগী ৰীতি-নীতি সন্নিবিষ্ট কৰা হৈছে। ইয়াত ৰোগ কেনেকৈ নিৰাময় কৰিব পাৰি, পাপ আৰু ইয়াৰ প্ৰভাৱ কেনেকৈ দূৰ কৰিব পাৰি, ধন-সম্পত্তি আহৰণৰ উপায়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। অথৰ্ববেদ আধুনিক সমাজৰ বাবে অতি প্ৰয়োজনীয় বিষয় যেনে বিজ্ঞান, চিকিৎসাবিদ্যা, গণিত, অভিযান্ত্ৰিক, প্ৰযুক্তি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। অথৰ্ববেদত প্ৰায় ৬০০০ টা পদ আছে, যিবোৰে ৭৩১ টা স্তৱক গঠন কৰিছে।

ad

ad

ad

ad