UPI সেৱা কি আৰু UPI বিষয়ে কিছু জানিবলগীয়া তথ্য

UPI সেৱা কি আৰু UPI বিষয়ে কিছু জানিবলগীয়া তথ্য

 UPI সেৱা কি আৰু UPI বিষয়ে কিছু জানিবলগীয়া তথ্য

UPI facts


(এই তথ্য প্ৰতিযোগিতা মূলক পৰীক্ষা যেনে assam public service commission বা apsc, Assam civil service, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰি, Assam TET (অসম টেট) বাবে সহায়ক হব।)

1. Unified Payments Interface বা চমুকৈ UPI হৈছে National Payments Corporation of India (NPCI) দ্বাৰা বিকশিত কৰা ধন আদান প্ৰদান কৰাৰ এক মাধ্যম।  

2. UPI বেংকৰ লগত সংযুক্ত ফোন নম্বৰ জৰিয়তে এটা একাউণ্টৰ পৰা যিকোনো বেংকৰ (NPCI দ্বাৰা অনুমোদিত) আন একাউন্টলৈ সহজতে mobile App BHIP বা আন UPI payment App ৰ জৰিয়তে transfer কৰিব পাৰি।

3. UPI সেৱা যিকোনো ইন্টাৰনেট সংযোগ থকা smartphone ৰ জৰিয়তে 24×7 আৰু 365 দিনেই খোলা থাকে।

4. শক্তিশালী cyber সুৰক্ষা, সহজ আৰু সুৰক্ষিত payment সুবিধা UPI ৰ দ্বাৰা প্ৰদান কৰা হৈছে।

5. UPI সেৱা উপভোগৰ বাবে কোনোধৰণৰ বেংক একাউণ্ট তথ্য, কাৰ্ড নম্বৰ, IFSC code, প্ৰয়োজন নহয়।

6. National Payments Corporation of India (NPCI) হৈছে Reserve Bank of India (RBI) আৰু Indian Banks’ Association (IBA) দ্বাৰা payment সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ভাৰতীয় আইন Payment and Settlement Systems Act, 2007 ৰ অধীনত গঠন কৰা হয়। NPCI ক “Not for Profit” কোম্পানী হিচাপে ভাৰতীয় আইনৰ Section 8 of Companies Act 2013 অধীনত পুনৰ গঠন কৰা হয়।

7. NPCI দ্বাৰা VISA, MASTERCARD ৰ দৰে ভাৰতৰ স্বদেশী কাৰ্ড debit কাৰ্ড RuPay কাৰ্ড পৰিচালিত হৈ আছে।

8. বৰ্তমান UPI সেৱাৰ সুবিধা ভাৰতৰ উপৰিও আন বিদেশী ৰাষ্ট্ৰত প্ৰচলনৰ বাবে কথা বতৰা চলি আছে। বৰ্তমানলৈকে ভূটান (২০২১চনত), নেপাল (২০২২চনত), UAE (২০২২ চনত), ওমান (২০২২ চনত) ছিংগাপুৰ( ২০২২), মালয়েছিয়া (২০২২), ফ্ৰান্স (২০২২), ইংলেণ্ড (২০২২) আদি দেশে গ্ৰহন কৰিছে।

9. UPI সেৱাই প্ৰতিমাহে কেইবাশ কোটি বাৰ লেনদেন হয় আৰু সেই লেনদেনৰ মূল্য কেইবা লাখ কোটিৰ টকাৰ ঘৰত হৈ আছে বুলি NPCI ৰ অফিচিয়েল তথ্যত উল্লেখ আছে। উল্লেখ্য যে NPCI official তথ্য অনুসৰি যোৱা 2022 চনৰ নৱেম্বৰ মাহত 373 টা বেংকত 7,309.45 মিলিয়ন বাৰ লেনদেন আৰু 11,90,593.39 কোটি টকাৰ লেনদেন UPI দ্বাৰা কৰা হৈছে। এই পৰিমাণ প্ৰতি মাহে বৃদ্ধি হৈ গৈ আছে ।

10. যিদৰে UPI সেৱা জনপ্ৰিয় হৈ গৈ আছে সেইদৰে এই সেৱাৰ security আৰু cyber সুৰক্ষা বাবেও নতুন নতুন challenge আহি আছে। এই ক্ষেত্ৰত আমি গ্ৰাহক সকলে সদায় সচেতন হৈ ব্যৱহাৰ কৰিব লাগে।


ad

ad

ad

ad