-->
অসম জাতীয় পৰিষদ || ASSAM JATIYA PARISHAD

অসম জাতীয় পৰিষদ || ASSAM JATIYA PARISHAD

 

 

অসম জাতীয় পৰিষদ
উৎস - assamjatiyaparishad.org

অসম জাতীয় পৰিষদ

  অসম জাতীয় পৰিষদ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত গঠিত হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগত পঞ্জীয়ন হয় আৰু AJP দলক জাহাজ নিৰ্বাচনী প্ৰতীক হিচাপে আবন্টিত কৰে। অসম জাতীয় পৰিষদ দলৰ ৰাজনৈতিক শ্লোগান ”অসম প্ৰথম,সদায় আৰু চিৰদিন ” ।
   ২০১৯/২০২০ চনত সম্পূৰ্ণ ভাৰতবৰ্ষৰ লগতে অসমতো সৱল ৰূপত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯  বাতিলৰ বিভিন্ন জাতীয় সংগঠন সমূহে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে। এই আন্দোলনৰ পটভূমিত অসম জাতীয় পৰিষদৰ জন্ম হয়।
  অসম জাতীয় পৰিষদৰ শিৱসাগৰত অনুষ্ঠিত প্ৰথম অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈক সভাপতি অাৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, ১২৬ নং শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰে।

  ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও এটাও সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম নহল।

( updated 20/07/2021)

ad

ad

ad

ad